হ’ম  /  আমাৰ বিষয়ে  /  গ’লৱেৰ বিষয়ে

গ’লৱেৰ বিষয়ে :

shadow

গ’লৱে হৈছে গ্লে’জ ট্ৰেডিঙৰ অফিছিয়েল ট্ৰেডমাৰ্ক তথা লগ’| এই পৰিচয় চিহ্নই সংক্ষেপত ক’বলৈ গ’লে কেৱল গ্লে’জৰ দ্বাৰা বিক্ৰী কৰা প্ৰডাক্ট আৰু সেৱাকেই প্ৰতিনিধিত্ব নকৰে, ই সৰ্বমুঠভাবে “গ্লে’জ ৱে অব লাইফ”ৰ প্ৰতিনিধিত্ব কৰে|

এই অনন্য ব্ৰেণ্ড পৰিচয়ে গ্লে’জ কোম্পানীত নিহিত হৈ থকা আটাইবোৰ উপলব্ধ মানদণ্ডৰ লগতে তাৰ সতে জড়িত হৈ থকা আটাইবোৰ মানুহকে সাঙুৰি লয়| ইয়াক স্নেহৰ সৈতে গ্লে’জৰ সতে জড়িত মানুহৰ জীৱনধাৰাৰ প্ৰতীক বুলিও ধৰা হয়|

গতিকে গ’লৱেই গ্লে’জৰ মিশ্বন ষ্টেটমেন্টত খোদিত “বিশুদ্ধতা, বিশ্বাস, শ্ৰেষ্ঠত্বৰ সন্ধান আৰু গ্ৰাহক সন্তুষ্টি”ৰ বিশ্বাস প্ৰতিনিধিত্ব কৰে|

প্ৰকৃতিৰ মাজত শ্ৰেষ্ঠত্বৰ সন্ধান, প্ৰাচীন বিশ্বাসযোগ্য তথা বিৰল আৰু মূল্যবান ঔষধিৰ ওপৰত বিশ্বাস, প্ৰযুক্তিৰ সৈতে ঐতিহ্যৰ মিশ্ৰণ, আভ্যন্তৰীণ সংযুক্ত গৱেষণা আৰু উন্নয়ন যাতে প্ৰতিজন ব্যৱহাৰকাৰীৰ বাবে ভিন্ন প্ৰকাৰৰ উদ্ভাৱনী সামগ্ৰীৰ নিৰ্মাণ কৰিব পৰা হয়- এইবিলাকেই হৈছে গ’লৱেৰ বিবৰ্তনৰ আঁৰত থকা সুগভীৰ চিন্তাশক্তিৰ মেৰুদণ্ড|
একেসময়তে এইয়াও নিশ্চিত কৰা হয় যাতে নিখুঁত গুণ আৰু সৃষ্টিশীলতাৰ মিশ্ৰণৰ দ্বাৰা কাৰো প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন নকৰি পৰিবেশ নিৰাপদকৈ ৰাখি প্ৰতিটো প্ৰডাক্টৰে ফলপ্ৰসূতা প্ৰমাণিত কৰা হয়|

এক কঠিন প্ৰডাক্ট উন্নয়নৰ ৰুটিন আৰু গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰি গ’লৱেই নিৰ্বাচিত পণ্যৰ ৰেঞ্জ কিছুমান আগবঢ়াইছে, যিবিলাক বিশুদ্ধতা, আস্থা আৰু মালিকৰ গৌৰৱৰ প্ৰতীক হৈ উঠিব পাৰে|

ই প্ৰতিশ্ৰুতি দিয়ে অনেক যত্ন, শ্ৰেষ্ঠত্ব আৰু উচিত মূল্যৰ, লগতে “আপোনাৰ বাবে চিৰন্তন” থকাৰ|

গ’লৱেৰ পৰিচয় “ভাৰতত নিৰ্মিত”ৰ মূল্যবোধৰ ওপৰত নিৰ্ভৰশীল, য’ত নিৰ্মাণ আৰু মানদণ্ডৰ নিয়ন্ত্ৰণৰ ওপৰত ধ্যান ৰখা হয় আৰু ইয়াৰ মুখ্য উপাদানবিলাক বিশ্বৰ সৰ্বোত্‍কৃষ্ট উত্‍সৰ পৰা গোটাই অনা হয়|

গ’লৱেৰ বহুমুখী ৰেঞ্জত কেইবাটাও ক্ৰমবৰ্ধমান ক্লাছিক আৰু উদীয়মাঅন ব্ৰেণ্ড আছে যিবিলাক প্ৰিমিয়াম ফেব্ৰিকৰ বাহিৰেও বিভিন্ন বহুল প্ৰডাক্ট কেটেগৰীৰ পৰিসৰত যেনে পাৰ্ছনেল কেয়াৰ, স্কিনকেয়াৰ, হেল্থ এণ্ড নিউট্ৰিশ্যন, হোম কেয়াৰ, এগ্ৰি কেয়াৰ আদিত উপলব্ধ|