হ’ম  /  আমাৰ বিষয়ে  /  গ্লে’জৰ বিষয়ে

গ্লে’জৰ বিষয়ে :-

shadow

2003 চনত দুগৰাকী দূৰদৰ্শী উদ্যোগী শ্ৰী সঞ্জীৱ ছিব্বাৰ আৰু শ্ৰী চেতন হাণ্ডাই গ্লেজ ট্ৰেডিংক এক ডাইৰেক্ট চেলিং কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰে| তেওঁলোকৰ উমৈহতীয়া লক্ষ্য আছিল ব্যৱসায়ৰ সৈতে জড়িত ফ্ৰী এন্টাৰপ্ৰাইজক উদগণি যোগাই, একত্ৰিতভাবে ব্যক্তিসকলৰ জীৱন উৰ্বৰ কৰাৰ লগতে গ্ৰাহকসকলক সন্তুষ্ট কৰি তোলা|

গ্লেজ কৰ্পোৰেশ্যনৰ মূল শিপা চমুকৈ, বিয়পি ৰৈছে উচ্চ মানদণ্ডৰ, বিশেষভাবে নিৰ্মিত FMCG প্ৰডাক্ট নিৰ্মাণ আৰু সেইবিলাক গ্ৰাহকক সুলভ মূল্যত প্ৰদান কৰাৰ লগতে ব্যৱসায়ৰ লাভখিনি মাৰ্কেটিং আৰু ডিষ্ট্ৰিবিউশ্যনৰ সতে জড়িত থকা চেনেল পাৰ্টনাৰসকলৰ মাজৰ ভগাই দিয়াটোত| আন কথাত ক’বলৈ হ’লে ই হৈছে এনে এক ব্যৱসায় যি সমৃদ্ধিৰ সৃষ্টি কৰে আৰু যাক অংশগ্ৰহণকাৰীসকলৰ মাজত ভগাই ল’ব পাৰি|

দুয়োজন প্ৰতিষ্ঠাতা আৰু মুখ্যদলৰ স্পষ্ট দৃষ্টি, আবেগ, ধনাত্মক মনোভাৱ, উচ্চাকাংক্ষা আৰু ব্যৱস্থাপনাই কোম্পানীটোক দোপতদোপে আগুৱাই যাবলৈ সহায় কৰিছে| বৰ্তমান নিজৰ সপোন পূৰ্ণ কৰিবলৈ গ্লে’জ বিজনেছ মডেল মানি চলা ডিষ্ট্ৰিবিউটৰৰ সংখ্যা দেশজুৰি ১০ লাখৰো অধিক| এওঁলোকক দেশব্যাপ্ত এক স্বাধীন ডিষ্ট্ৰিবিউটৰ নেটৱৰ্কে সহায় কৰি আহিছে| এই দক্ষ আৰু ব্যাপক স্বাধীন ডিষ্ট্ৰিবিউটৰ নেটৱৰ্কে নিশ্চিত কৰে যাতে প্ৰতিজন ব্যৱহাৰকাৰীয়ে সহজতে প্ৰডাক্ট লাভ কৰিব পাৰে, যদিও তেওঁলোক দেশৰ চুকে-কোণে কোনো দুৰ্গম স্থানত অৱস্থিত হয়|

গ্লে’জ ট্ৰেডিং কোম্পানীয়ে যোৱাটো দশকত উল্লেখযোগ্য দক্ষতা আহৰণ কৰিছে| জীৱনৰ মূল্যবোধ আৰু আকাংক্ষা, আশা, পুৰস্কাৰ, মালিকীস্বত্ব, একতা আৰু জয়ী হোৱাৰ প্ৰৱণতাৰ ওপৰত প্ৰতিষ্ঠিত গ্লে’জ কোম্পানীয়ে প্ৰতিজন সাধাৰণ ব্যক্তিৰ সতে খাপ খাই পৰিব পৰাকৈ সুযোগ প্ৰদান কৰে যাতে এক অসাধাৰণ ফলাফল লাভ কৰিব পাৰি| এই ৰূপান্তৰৰ প্ৰক্ৰিয়াক ব্যাপক ব্যৱসায়িক প্ৰশিক্ষণ, মেন্টৰিং আৰু স্ব-ক্ষমতা প্ৰদানৰ উদ্যমৰ দ্বাৰা ডিষ্ট্ৰিবিউটৰসকলৰ কেৰিয়াৰ নিৰূপণৰ যোগেদি তেওঁলোকৰ লক্ষ্যত উপনীত কৰাবলৈ পোষকতা, নিৰ্দেশিত আৰু সমৰ্থিত কৰা হয়|

ডাইৰেক্ট চেলিং হৈছে উপভোক্তাসকলক প্ৰডাক্টৰ ব্যাখ্যা আৰু প্ৰদৰ্শনৰ পিছত পোনপটীয়াকৈ তেওঁলোকৰ দুৱাৰডলিত উত্তম সামগ্ৰী বিক্ৰী কৰা| লগতে ইয়াত আনুগত্য আৰু ৰিৱাৰ্ড প্ৰগ্ৰামৰ জৰিয়তে গ্ৰাহকৰ সতে এক দীৰ্ঘম্যাদী সম্পৰ্ক সৃষ্টি কৰিব খোজা হয় য’ত খুচুৰা বিক্ৰীৰ প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ কোনো প্ৰয়োজন নাই|