হ’ম  /  আমাৰ বিষয়ে  /  ডাইৰেক্টৰৰ পৰা বাৰ্তা
Mesage from the Directors

ডাইৰেক্টৰৰ পৰা বাৰ্তা :-

shadow

MR. SANJEEV CHHIBBER / শ্ৰী সঞ্জীৱ ছিব্বাৰ

Director / পৰিচালক

অন্ত:কৰণেৰে এজন উদ্যমী ক্ৰীড়াবিদ শ্ৰী সঞ্জীৱ ছিব্বাৰে অচিনাকি অঞ্চলতো অসীম সাহস আৰু আবেগৰ সৈতে ভ্ৰমণ কৰি পাইছে| গ্লে’জ ট্ৰেডিং ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সদস্য আৰু পৰিচালক শ্ৰী ছিব্বাৰে তেওঁৰ ঘৰৰ খৰচ উলিয়াবৰ বাবে এক মজবুত কৰ্মস্থান বিচাৰি তেওঁৰ দুখজনক যাত্ৰা আৰম্ভ কৰে|

তেওঁৰ উধাই যোৱাৰ আকাংক্ষা অনেক আৰ্থিৰ দুৰাৱস্থা আৰু বাধা-বিঘিনিৰ পিছতো অটল হৈ থাকিল| মানুহক ভালপোৱা এইজন ব্যক্তিয়ে ইঞ্চি ইঞ্চিকৈ তেওঁৰ স্বপ্নবোৰও দিশে আগুৱাবলৈ ধৰিলে| ডাইৰেক্ট চেলিং উদ্যোগত তেওঁৰ প্ৰাৰম্ভিক সংগ্ৰামৰ দিনবোৰে তেওঁৰ এই উদ্যোগত দিবলগীয়া খোজক সুদৃঢ় কৰাই নহয়, তেওঁৰ ভৱিষ্যতৰ বাটকো প্ৰশস্ত কৰি তুলিলে|

ভাৰতীয় ডাইৰেক্ট চেলিং ব্যৱসায়ক এক নতুন উচ্চতালৈ লৈ যোৱাৰ ইচ্ছাৰে শ্ৰী সঞ্জীৱ ছিব্বাৰৰ গ্লে’জ ট্ৰেডিং ইণ্ডিয়াক লৈ উচ্চাভিলাষী পৰিকল্পনা কিছুমান আছে| তেওঁৰ বিদেশী ব্যৱসায়িক কৌশলৰ অংশ হিচাপে তেওঁ গ্লে’জ ব্যৱসায়ক গোটেই বিশ্বতে প্ৰতিষ্ঠা কৰিব বিচাৰে আৰু বিভিন্ন জাতি, ধৰ্ম আৰু সমাজৰ ব্যক্তিক এই সুবৰ্ণ সুযোগ প্ৰদান কৰিব খোজে|

“নিয়তিয়ে স্ব-ইচ্ছাৰে ব্যতিক্ৰমৰ সমুখীন হোৱা লোকসকলৰ বাবে পথ প্ৰদৰ্শন কৰিব|”


Managment

MR. CHETAN HANDA / শ্ৰী চেতন হাণ্ডা

Director / পৰিচালক

তৰুণ আৰু প্ৰেৰণাদায়ক উদ্যোক্তা শ্ৰী চেতন হাণ্ডা হৈছে এনে এজন ব্যক্তি যি একেবাৰে সৰু ঠাইৰ পৰা আৰম্ভ কৰি ডাঙৰ স্বপ্ন দেখিবলৈ ল’লে আৰু তেওঁ সাহস আৰু অধ্যৱসায়ৰ মিশ্ৰণৰ দ্বাৰা ভাৰতৰ একমাত্ৰ ডাইৰেক্ট চেলিং ফাৰ্মবিলাকৰ ভিতৰত অন্যতম- গ্লে’জ ট্ৰেডিং ইণ্ডিয়া প্ৰা:লি:ৰ নিৰ্মাণ কৰি পেলায়| তেওঁৰ আৰ্থিক অনাটন আৰু সীমিত সম্পদে তেওঁক অতি সোনকালেই কামত ধৰিবলৈ বাধ্য কৰোৱায়, কিন্তু তেওঁক ডাঙৰ স্বপ্ন দেখাৰ পৰা আঁতৰাই নিব নোৱাৰিলে|

বিজ্ঞানৰ স্নাতক তথা ফাইনেন্সত MBA ডিগ্ৰীধাৰী শ্ৰী চেতন হাণ্ডাই বৰ নম্ৰভাবে তেওঁৰ প্ৰফেছনেল যাত্ৰা আৰম্ভ কৰিছিল| কিন্তু সোনকালেই তেওঁৰ মূৰত এক আকৰ্ষণীয় আইডিয়াই বাহ লয় আৰু 2003 চনত গ্লে’জ ট্ৰেডিং ইণ্ডিয়া প্ৰা:লি:ৰ জন্ম হয়| “টকাৰ উচিত মূল্য” দিয়াৰ প্ৰতিশ্ৰুতি আৰু ডাইৰেক্ট চেলিং ব্যৱসায়ত আদৰ্শমূলক সুযোগৰ সৃষ্টি কৰাৰ কথা দিয়া তেওঁ অৱশেষত ভাগ্যৰ সতে ফেৰ মাৰিবলৈ সক্ষম হয় আৰু তেওঁৰ উদ্যোগক বহু ওপৰলৈ লৈ যাব পাৰে|

ইয়াৰ পিছৰখিনি ইতিহাস| নীতিগতভাবে প্ৰবৃত্ত শ্ৰী হাণ্ডাই ভাৰতীয় ডাইৰেক্ট চেলিং উদ্যোগক এক সুষম পৰিবেশ প্ৰদান কৰি এক নতুন ৰূপ দিয়াৰ কথা পৰিকল্পনা কৰিছে| তেওঁৰ অগাধ বিশ্বাস যে ভাৰতত নেটৱৰ্ক মাৰ্কেটিঙৰ অফুৰন্ত সুযোগ আছে যিহেতু এই ব্যৱসায়ত সম্পৰ্ক নিৰ্মাণ কৰা হয় আৰু কেৱল প্ৰডাক্ট বিক্ৰী কৰা নহ্য়| তেওঁ ৰাষ্ট্ৰীয় তথা অন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰডাক্ট আৰু সেৱা প্ৰদান কৰাত ইচ্ছুক যাতে এই ব্যৱসায় ব্যাপকভাবে বিয়পি পৰে| কোম্পানীৰ বিকাশৰ এক পৰিকল্পনা হিচাপে তেওঁ ভাৰতৰ ডাইৰেক্ট চেলিং কোম্পানীক বিভিন্ন ঠাইলৈ লৈ যাব খোজে আৰু সমগ্ৰ বিশ্বতে এক সমৃদ্ধিশালী নেটৱৰ্ক স্থাপিত কৰিব খোজে|

“সফলতা চূড়ান্ত নহয়, অসফলতা প্ৰাণনাশিনী নহয়| আগবাঢ়ি গৈ থকাৰ সাহসেই হৈছে মূলমন্ত্ৰ|”


Managment

MR. SARABJEET SINGH / শ্ৰী চৰবজিত্‍ সিং

Director / পৰিচালক

বাণিজ্যত স্নাতক শ্ৰী চৰবজিত্‍ সিং হৈছে গ্লে’জ ট্ৰেডিং ইণ্ডিয়া প্ৰা: লি:ৰ চেলছ আৰু মাৰ্কেটিং ডিভিজনৰ মুৰব্বী| তেওঁ উদ্যোগটোক তেওঁৰ সৃজনীমূলক, আধুনিক আৰু প্ৰগতিশীল ধাৰণাৰে আগুৱাই নিছে| শ্ৰী চৰবজিত্‍ সিং পৰিচালক হিচাপে কোম্পানীটোৰ বৰ্ডত অধিষ্ঠিত| সফলতাৰ প্ৰতি ক্ষুধ আৰু সফলতা পাবৰ আকাংক্ষাৰে তেওঁ সৰুকৈ আৰম্ভ কৰি বৃহত্‍ সফলতা পাবলৈ সক্ষম হৈছে| তেওঁৰ চেলছ ট্ৰেইনিং মডিউল, উদ্যোক্তা পদ্ধতিৰে চলাই নিয়া ধৰণৰ বাবেই গ্লে’জ ট্ৰেডিং ইণ্ডিয়াৰ বাবে এক দক্ষ চেলছ টীমৰ জন্ম হৈছে| তেওঁৰ ব্যক্তিগত প্ৰশিক্ষণ আৰু শক্তিশালী নেতৃত্বৰ পিছত গ্লে’জ চেলছ টীমলৈ আমূল ইতিবাচক পৰিবৰ্তন আহিছে|

শ্ৰী চৰবজিত্‍ সিঙে এক নীতিগত ভাবে চলা ভাৰতীয় ডাইৰেক্ট চেলিং ব্যৱসায়ৰ ইমেজ প্ৰতিষ্ঠাৰ স্বপ্ন দেখে| কোম্পানীৰ ভৱিষ্যতৰ বিকাশৰ বাবে সমান অংশীদাৰ হৈ তেওঁ কোম্পানীৰ চেলছ দলবিলাকত বিভিন্ন পৰিবৰ্তন আনি ভাৰতত ডাইৰেক্ট চেলিং কোম্পানীৰ প্ৰতি মানুহৰ দৃষ্টিভংগীকেই সলনি কৰি পেলাব খুজিছে|

“নেতাসকলে উদাহৰণৰ দ্বাৰা নেতৃত্ব প্ৰদান কৰে, কথাৰে নহয়”


Managment

MR. SUMIT KOHLI / শ্ৰী সুমিত কোহলী

Director / পৰিচালক

শ্ৰী সুমিত কোহলী এক কমাৰ্ছ স্নাতক, তেওঁ গ্লে’জ ট্ৰ্ৰেডিং ইণ্ডিয়া প্ৰা:লি:ত অপাৰেছনছ ডিভিজনৰ মুৰব্বী| তেওঁ পৰিচালক হিচাপে কোম্পানীৰ বৰ্ডত অধিষ্ঠিত| শ্ৰী কোহলীয়ে দৃঢ় সংকল্প আৰু ইচ্ছাশক্তিৰ সহায়ত তেখেতৰ স্থান টপ মেনেজমেন্টৰ ভিতৰত অতি কমবয়সতে লাভ কৰিবলৈ সক্ষম হয়| সেৱা-সংক্ৰান্তীয় অভিযোগ তথা ক্ষোভ নিজৰ ব্যক্তিগত তত্বাবধানত চোৱা-চিতা কৰা শ্ৰী কোহলী সমগ্ৰ নেটৱৰ্কৰ মসৃণ কাৰ্যকলাপৰ বাবে দায়ী|

শ্ৰী কোহলীৰ গ্লে’জৰ সৈতে যাত্ৰা 2003 চনত আৰম্ভ হয় আৰু তেতিয়াৰ পৰাই তেওঁ কোম্পানীৰ এক অবিচ্ছেদ্য অংগ হৈ আছে| খুঁটি-নাটি ভালদৰে পৰীক্ষা কৰিব জনা শ্ৰী কোহলীয়ে তেওঁৰ সৰ্বোত্তম সেৱা ইয়াত প্ৰদান কৰি আহিছে| বৰ্তমানৰ ডাইৰেক্ট চেলিং ব্যৱসায়ত তেওঁৰ উত্‍কৃষ্ট সেৱা প্ৰদান কৰি তেওঁ কিছুমান অদ্বিতীয় পৰিবৰ্তন অনাৰ কথা পৰিকল্পনা কৰিছে|

“এজন মানুহে ইচ্ছা কৰিলে যিকোনো কামেই কৰিব পাৰে”